🇮🇳 Census of India 2027 – Self Enumeration
Complete Your Self-Enumeration Online
Census of India 2027-ৰ Self-Enumeration (SE) হৈছে ভাৰত চৰকাৰৰ এক ডিজিটেল পদক্ষেপ, যাৰ জৰিয়তে নাগৰিকসকলে নিজৰ ঘৰ আৰু পৰিয়ালৰ তথ্য অনলাইনযোগে নিজেই দাখিল কৰিব পাৰে। এই ব্যৱস্থাই জনগণনা প্ৰক্ৰিয়াক অধিক সহজ, দ্ৰুত আৰু সঠিক কৰি তোলে।
Self-Enumeration সম্পূৰ্ণ কৰাৰ পিছত আপোনাক এটা Self-Enumeration ID (SE ID) প্ৰদান কৰা হ'ব। এই ID-টো সংৰক্ষণ কৰি ৰাখিব লাগিব আৰু Census Enumerator আহিলে তেওঁক দেখুৱাব লাগিব।
কেনেকৈ Self-Enumeration কৰিব?
1. তলৰ Official Portal-ত যাওক।
2. নতুন একাউণ্ট Register কৰক বা Login কৰক।
3. ঘৰ আৰু পৰিয়ালৰ সকলো তথ্য সঠিকভাৱে পূৰণ কৰক।
4. তথ্য Submit কৰাৰ পিছত আপোনাৰ SE ID লাভ কৰিব।
5. SE ID-টো সংৰক্ষণ কৰি ৰাখক।
🌐 Official Self-Enumeration Portal:- https://se.census.gov.in/
Self-Enumeration-ৰ সুবিধাসমূহ
✔️ ঘৰতে বহিয়েই অনলাইনত জনগণনা সম্পূৰ্ণ কৰিব পাৰিব।
✔️ সময় আৰু কষ্ট দুয়োটা ৰাহি হয়।
✔️ নিজেই তথ্য দাখিল কৰাৰ বাবে তথ্য অধিক সঠিক হয়।
✔️ Census Enumerator-ৰ কাম সহজ হয়।
✔️ ডিজিটেল আৰু সুৰক্ষিত ব্যৱস্থা।
- প্ৰয়োজনীয় তথ্য
- মোবাইল নম্বৰ
- পৰিয়ালৰ সদস্যসকলৰ তথ্য
- ঘৰৰ ঠিকনা
- ইণ্টাৰনেট সংযোগ থকা মোবাইল বা কম্পিউটাৰ
> গুৰুত্বপূৰ্ণ: Self-Enumeration কৰাৰ পিছত লাভ কৰা SE ID-টো Census Enumerator-ক দেখুৱাবলৈ নাপাহৰিব।
Source: Office of the Registrar General & Census Commissioner, India
Official Website: Click here
আহক, Census of India 2027-ত অংশগ্ৰহণ কৰি এখন সঠিক আৰু শক্তিশালী ভাৰত গঢ়াত নিজৰ দায়িত্ব পালন কৰোঁ। 🇮🇳

0 Comments